গুৱাহাটীঃ অসমীয়া জাতিক অবৈধ বিদেশীৰ কবলৰ পৰা মুক্ত কৰিবলৈ এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰাৰ দাবীত ৰাজ্যৰ দল-সংগঠন বছৰ বছৰ ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ প্ৰায় তিনিটা দশক ৰাজ পথ উত্তাল কৰাৰ অন্তত কংগ্ৰেছ দলে বহু জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰিছিল যদিও আজিলৈ সম্পূৰ্ণ নহল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম৷
একাংশ লোকৰ অৱহেলাৰ বাবে তথা সংগঠনৰ বাবে NRC সম্পূৰ্ণ কৰাত আউল লগা বুলি সময়ে সময়ে প্ৰচাৰ হৈ আহিছে যদিও চৰকাৰৰ সদিচ্ছাক লৈয়ো প্ৰশ্ন উত্থাপন হ’ব ধৰিছে৷ কিয়নো বৃহস্পতিবাৰে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়লয়ে কেন্দ্ৰ-ৰাজ্য চৰকাৰক NRC কাম সন্দৰ্ভত তীব্ৰ সমালোচনা কৰা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, বৃস্পতিবাৰে NRC সন্দৰ্ভত উচ্চতম ন্যায়লয়ে শুনানি গ্ৰহণ কৰে৷ বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনে শুনানি গ্ৰহণ কৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷