ধিংঃ অসমীয়াৰ আবেগ-অনুভূতি জড়িত হৈ থকা অসম সাহিত্য সভা অসমীয়া সাহিত্যক চহকী কৰা একমাত্ৰ অনুষ্ঠান৷ আদৰৰ অনুষ্টানটোৱে সময়ে সময়ে বিতৰ্কৰ মাজত সোমাই পৰে যদিও একাংশ লোকে সাহিত্য সভাক সংস্কাৰ কৰাৰ বাবে চিন্তা চৰ্চা অব্যাহত ৰাখিছে৷ তাৰ মাজতে অসম সাহিত্য সভাই নতুন সমিতি গঠনৰ দিশেও আগবাঢ়িছে৷ অসম সাহিত্য সভাৰ বিষয়-ববীয়াৰ নিৰ্বাচণী প্রক্রিয়া চলি থকাৰ মাজতে বৃহস্পতিবাৰে পুৱাই সাহিত্য সভাৰ প্রধান সম্পাদক তথা সভাপতি পদৰ প্রাৰ্থী ড০ পৰমানন্দ ৰাজবংশীয়ে নগাঁও জিলাৰ বটদ্ৰৱাৰ জগতগুৰু শংকৰদেৱৰ জন্মস্থানত উপস্থিত হয়৷
