50
চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম প্ৰাথমিক ব্ৰাহ্মণ সমাজে অহা ১২ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে বাৰ্ষিক তুলসী প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিব৷ অনুষ্ঠানত পুৱা ধৰ্মধব্বজা উত্তোলন কৰিব ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি ধৰণীধৰ খাউণ্ডে৷ পুৱা ৯ বজাত স্মৃতি তৰ্পণ কৰিব যোগেন্দ্ৰ শৰ্মাই৷