ঢেকীয়াজুলিঃ যিমানে ওচৰ চাপি আহিছে ৩১ ডিছেম্বৰ অৰ্থাৎ এন আৰ চি প্ৰকাশৰ দিন সিমানে নাগৰিকৰ মাজত বৃদ্ধি পাইছে ভয় শংকা৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিক লৈ জনসাধাৰণৰ মাজত সৃষ্টি হোৱা এই বিভ্ৰান্তি দূৰ কৰাৰ অৰ্থে শুকুৰবাৰে শোণিতপুৰ জিলাৰ ঠেলামৰাত এখনি সজাগতা সভা অনুষ্ঠিত হয়৷ ঠেলামৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ তৎপৰতাত অনুষ্ঠিত সভাখনত ৰাজহ চক্ৰ এলেকাৰ শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে৷
ঠেলামৰাৰ ৰাজহ চক্ৰ বিষয়া লক্ষ্যজ্যোতি দাসে সঞ্চালনা কৰা এন আৰ চি বিষয়ক আলোচনাত ৰাজহচক্ৰ এলেকাৰ গাওঁবুঢ়া, ঠেলামৰাৰ বিশিষ্ট সমাজসেৱী ডিমচাঁদ বৰদলৈ, ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ভাস্কৰ নাথ, মুছলিম যুৱ পৰিষদৰ সম্পাদক ৰাছিদ আলি, প্ৰাক্তন ছাত্ৰ নেতা প্ৰদীপ নাথ, ছাত্ৰ সংগঠন আমছু আৰু মুছাৰ প্ৰতিনিধিকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে৷