দেৰগাঁওঃ অগণন গুণমুগ্ধক কন্দুৱাই বিশিষ্ট মুক্তিযোদ্ধা আহতগুৰি সত্রৰ সত্ৰাধিকাৰ বিপিন চন্দ্ৰ গোস্বামীৰ ১০১ বছৰত বৃস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। গোলাঘাট জিলাৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ আহতগুৰি সত্রৰ সত্ৰাধিকাৰ, ৰাষ্ট্ৰপতিৰ পুৰষ্কাৰপ্ৰাপ্ত বৰেণ্য ব্যক্তি তথা বৃহত্তৰ অঞ্চলটোৰ অভিভাৱক স্বৰূপ গোস্বামীৰ মৃত্যুত শোকৰ ছাঁ পৰে।
স্বৰ্গীয় শোভন চন্দ্ৰ গোস্বামী আৰু লক্ষ্মীপ্ৰিয়া গোস্বামীৰ জ্যেষ্ঠ পুত্ৰ গোস্বামীয়ে যোৰহাট কাকজান হাইস্কুলত দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল। পৰিনতিত আন্দোলনকাৰী হিচাপে বহুদিন কাৰাবাস খাটিব লগা হৈছিল।