পুৰণিগুদামত কৃষি প্ৰদৰ্শনী উদ্ধোধন, “মৃত্তিকা” উন্মোচন

Home ৰাজ্যপুৰণিগুদামত কৃষি প্ৰদৰ্শনী উদ্ধোধন, “মৃত্তিকা” উন্মোচন

পুৰণিগুদামত কৃষি প্ৰদৰ্শনী উদ্ধোধন, “মৃত্তিকা” উন্মোচন

by News Desk
61 views
A+A-
Reset

চামগুৰিঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে কৃষি প্ৰদৰ্শনী উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ খেলপথাৰত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ চতুৰ্থ বৰ্ষৰ ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰীৰ দলৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত কৃষি প্ৰদৰ্শনী উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয়৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ চিলঙনীৰ আঞ্চলিক কৃষি গৱেষনা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ড০ প্ৰদীপ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ পূৰ্বে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি স্নাতক পাঠ্যক্ৰমৰ চতুৰ্থ বৰ্ষৰ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে৷

কৃষি বিজ্ঞানী ড’ তুলসী প্ৰসাদ শইকীয়াই আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানত নগাঁও জিলাৰ উপায়ুক্ত ছমছেৰ সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষন প্ৰসংগত কয়,কৃষি আমি এৰাই চলিব নোৱাৰো৷কৃষিত আমি গুৰুত্ব দিবই লাগিব৷কৃষক সকলক বাদ দি যদি কাম কৰিবলৈ বিচাৰো তেন্তে কম সংখ্যক ৰাইজৰহে উন্নতি হব৷বহুক্ষেত্ৰত কৃষক সকলক হতাশ হোৱা দেখা যায়৷আধুনিক মন লৈ কৃষিকাৰ্যত ব্ৰতী হ’বলৈ উপায়ুক্তগৰাকীয়ে কৃষকসকলক আহ্বান জনায়৷ভাষন প্ৰসংগত উপায়ুক্ত গৰাকীয়ে আৰু কয়,নগাঁও জিলা কৃষি প্ৰধান জিলা,উদ্যোগৰ ক্ষেত্ৰত জিলাখন পিছপৰি আছে৷কৃষিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি নগাঁও জিলাখনক কৃষিৰ ক্ষেত্ৰত আগুৱাই নি অসমৰ ভিতৰত জাকতজিলিকা কৰিবলৈ ৰাইজক আহ্বান জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0