গৰৈমাৰীঃ আৰক্ষী বিষয়াৰ হৈ সাংবাদিক বুলি পৰিচয় দি ধন দাবী কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কামৰূপৰ গৰৈমাৰিত৷ গণতন্ত্ৰৰ চতুৰ্থ ম্ভম্ভৰ নামত একাংশ ভূৱা সাংবাদিকে দালালি কৰাৰ কথা সময়ে সময়ে প্ৰচাৰ হয় আহিছে৷ তাৰ মাজতে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী অঞ্চলৰ এজন যুৱকে নিজকে সাংবাদিক বুলি পৰিচয় দি আৰক্ষীৰ নামত ধণ দাবা কৰা ঘটনা এটা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাংবাদিকৰ মাজত৷
গৰৈমাৰীৰ সৰলপাৰা চৰ নিবাসী প্ৰয়াত কুমেদ আলীৰ পুত্ৰ জমিৰ আল হাছান নামৰ যুৱক জনৰ বিৰুদ্ধে আৰক্ষীৰ নামত এজন লোকে ধনদাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷জানিব পৰা মতে, মহিমাৰী গাঁৱৰ জিয়াৰুল হক নামৰ যুৱকএজনক এটা গোচৰ সংক্ৰান্তত হাজো আৰক্ষীয়ে যোৱা দহ নৱেম্বৰত আটক কৰে৷ আৰক্ষীয়ে আটক কৰা জিয়াৰুলৰ হকৰ আত্মীয় জাহাংগীৰ আলমকো উক্ত গোচৰত জড়িত থকা বুলি কৈ সাংবাদিকৰ পৰিচয় দি জমিৰ আল হাছানে জাহাংগীৰৰ পিতৃ মাতৃৰ পৰা পাঁচ হাজাৰ টকা সংগ্ৰহ কৰে৷