কলিয়াবৰঃ বছৰ বছৰ ধৰি একাংশ সন্দেহজনক লোকে ৰাজ্য খনৰ বিভিন্ন ঠাইৰ ভূমি দখল কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। সত্ৰৰ ভূমিৰ লগতে নৈ পাৰৰ চৰ, চৰণীয়া পথাৰ একাংশ লোকে দখল কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ এই ভূমি সমূহ উচ্ছেদ কৰাৰ বাবে ৰাজ্য খনৰ দল-সংগঠনে বছৰ বছৰ ধৰি দাবী জনাই আহিছে৷ চৰকাৰী ভূমি সমূহ দখল মুক্ত কৰাৰ দাবীত প্ৰতিবাদো কৰি আহিছে ৰাইজে।
দৰং জিলাকে ধৰি বিভিন্ন জিলাত সময়ে সময়ে প্ৰতিবাদ কৰাৰ পিছতো যেন প্ৰশাসন-চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নাযায়। শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ লিডুত ৰাইজৰ প্ৰবল প্ৰতিবাদত সেও মানি একাংশ সন্দেহজনক লোকৰ ঘৰ উচ্ছেদ কৰিবলৈ বাধ্য হয়৷ বহু জল্পনা-কল্পনাৰ অন্তত সোমবাৰে তিনিচুকীয়া প্ৰশাসনে সন্দেজনক নাগৰিকৰ ঘৰ উচ্ছেদ কৰে৷