ডিজিটেল ডেস্কঃ পিতৃৰ গালি সহ্য কৰিব নোৱাৰি কুঁৱাত জাপ দি প্ৰাণ দিলে এগৰাকী যুৱতীয়ে। তাৰ পিছত নিজ কন্যাক বচাবলৈ গৈ কুঁৱাৰ ভিতৰত প্ৰাণ দিলে পিতৃও। সোমবাৰে সংঘটিত হোৱা এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয় ছট্টিছগড়ৰ নয়ণপুৰত।
এই ঘটনাই নয়ণপুৰত শোকাকুল পৰিবেশৰ সৃষ্টি কৰে৷ পিতৃৰ গালি খাই কন্যাৰ অন্তৰত আঘাত পায় কুৱাঁত জাঁপ দি আত্মহত্যা কৰে৷ নিজ কন্যাই কুৱাঁত জাপ দিয়াত পিতৃয়ে ৰব নোৱাৰি কন্যাক বচাবলৈ নিজেও জাপ দিয়ে৷ কিন্তু নিয়তিৰ কি পৰিহাস, দুয়োজনৰে মৃত্যু হয় কুৱাঁৰ ভিতৰত৷