শিমলুগুৰিঃ ৰাজ্যৰ জাতীয়তাবাদী-জনগোষ্ঠীয় সংগঠনৰ সমানে সমানে প্ৰতিবাদত নামিছে বিৰোধি দল কংগ্ৰেছে৷ পোন্ধৰে বছৰে শাসনত থকাৰ কালত সীমা সমস্যাক গুৰুত্ব নিদিলেও যোৱা কেইবাটাও দিন ধৰি কংগ্ৰেছে যেন বাহৰ হে পাতিছে অসম-নাগালেণ্ড সীমান্তত৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, সাংসদ গৌৰৱ গগৈ সৈতে বাহৰ পাতি ভাৰত চৰকাৰ আৰু NSCNৰ মাজত স্বাক্ষৰ কৰা চুক্তি ৰাজহুৱা কৰাৰ লগতে সীমান্তৰ লোকক নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত প্ৰতিবাদ কৰি আহিছে৷ কংগ্ৰেছ দলে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷