89
ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ তিনিগৰাকী আৰক্ষীৰ লোকক অসম আৰক্ষীয়ে বিশেষ প্ৰশংসাৰ পদক প্ৰদান কৰাত জিলা খনত কৰ্মৰত আৰক্ষীৰ লোকসকল আনন্দিত হৈ পৰে৷ অসম আৰক্ষীয়ে ২০১৫-১৬ বৰ্ষত উৎকৃষ্ট সেৱাৰ বাবে তিনিগৰাকী আৰক্ষী বিষয়াক প্ৰশংসাৰ পদকেৰে সন্মানিত কৰে৷ আৰক্ষী সঞ্চালক প্ৰধানে প্ৰেৰণ কৰা পদক শুকুৰবাৰে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এটি বিশেষ সম্বৰ্ধনা অনুষ্ঠানত আৰক্ষী অধীক্ষক ড০ জিভি শিৱ প্ৰসাদে প্ৰদান কৰে৷
