কোকৰাঝাৰঃ জনজাতীয় ঐক্য-সংহতি শক্তিশালী কৰাৰ লগতে আধ্যাত্মিক আৰু ঐতিহ্যমণ্ডিত জাতীয় চেতনাৰ পৰস্পৰা জাগ্ৰত কৰি তোলাৰ লক্ষ্যৰে শনিবাৰে কোকৰাঝাৰত অনুষ্ঠিত হয় বড়ো জনগোষ্ঠীয় ঐক্য সন্মিলন।
বনবন্ধু পৰিষদ আৰু শ্ৰীহৰি সৎসংগ সমিতিৰ উদ্যোগত কোকৰাঝাৰৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বড়ো জনগোষ্ঠীয় ঐতিহ্য সন্মিলনত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দ্দন দেৱ গোস্বামী, বনবন্ধু পৰিষদৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ অৰুণ কুমাৰ বাজাজ, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰাজীৱ ব্ৰহ্ম, দনেশ্বৰ গয়াৰীকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহন কৰে।