খেৰণিঃ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত আমাৰ ৰাজ্য খনৰ ছাত্ৰ-ছাত্ৰীয়ে পিছ পৰি ৰোৱা নাই৷ শনিবাৰে ইয়াকে প্ৰমাণ কৰে কাৰ্বি ভূমিৰ ছাত্ৰ-ছাত্ৰীয়ে৷ পাহাৰীয়া জিলাৰ বৈঠালাংছ’ বিধানসভা সমষ্টিৰ খেৰণিত শনিবাৰে অনুষ্ঠিত হয় ছাত্র-ছাত্ৰীৰ মাজত বিজ্ঞানভিত্তিক আৰ্হি প্ৰকল্প উপস্থাপন প্ৰতিযোগিতা৷ পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত বিজ্ঞানভিত্তিক প্ৰতিযোগিতাত খেৰণি অঞ্চলৰ চৈধ্যখন মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি সুপ্ত প্ৰতিভাৰ পৰিচয় দিয়ে৷
