দুলীয়াজানঃ নিৰ্বাচনৰ পূৰ্বে তেওলোকে গঢ়িব-দৰিদ্ৰ-দিনহাজিৰা কৰাৰ লোকৰ কাম কৰাৰ শ্ল’গান-প্ৰতিশ্ৰুতি দি ভোট আদায় কৰাৰ চেষ্টা কৰে৷ খাতিখোৱা মানুহক ভূৱা প্ৰতিশ্ৰুতি দি ভোট লৈ ৰাজনৈতিক দলৰ নেতাই নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰুতিশ্ৰুতি পাহৰি যায়৷
দৰিদ্ৰ-খাতিখোৱা মানুহৰ ভোটেৰে সাংসদ-বিধায়ক হোৱাৰ পিছত তেওলোক ভিআইপি হৈ পৰে৷ দৰিদ্ৰ, খাতিখোৱা লোকক তেওলোকে পাহৰি যায়৷ তেওলোকে বিলাসী গাড়ী-আট্টালিকাত নতুন সপোন দেখিবলৈ আৰম্ভ কৰে৷ পৰিবৰ্তন কেৱল ৰাজনৈতিক দলৰ সৈতে জড়িত লোকসকলৰ হয়৷