নগাঁওঃ প্ৰৱঞ্চকৰ দলৰ জালত পৰি ১ লাখ ৭০ হাজাৰ পানীত পেলালে নগাঁও জিলাৰ দুজন যুৱকে৷ নিবনুৱা যুৱকক প্ৰৱঞ্চনাৰ নতুন কৌশল ৰচনা কৰি প্ৰৱঞ্চকৰ দলটোৱে নগাঁও অঞ্চলত সক্ৰিয় হৈ পৰা বুলি জানিব পৰা গৈছে৷ ফ’ৰলেনত ফুলৰ পুলি ৰোপনৰ ঠিকা দিয়াৰ নামত গুৱাহাটী মহানগৰীৰ প্ৰৱঞ্চকৰ দলটোৱে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱকৰ মাজত প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ তথ্য পোহৰলৈ আহিছে৷
চতুৰ প্ৰৱঞ্চকৰ দলটোৰ ফান্দত ভৰি দিয়া নগাঁৱৰ শেনচোৱা অঞ্চলৰ পাৰ্শ্বজ্যোতি নাথ আৰু ৰূপজ্যোতি মহন্ত নামৰ যুৱক দুজনক ফ’ৰলেনৰ ডাঙৰ ঠিকাদাৰ বুলি পৰিচয় দি ফ’ৰলেনত ফুলপুলি ৰোপনৰ ঠিকা দিয়াৰ নামত উপ-ঠিকা প্ৰদানৰ নামত ১ লাখ ৭০ হাজাৰ টকা বিচাৰে৷ পিছত যোৱা ১৬ নৱেম্বৰৰ দিনা প্ৰৱঞ্চকৰ দলটোৱে নগাঁৱৰ যুৱক দুজনক গুৱাহাটী মহানগৰৰ জালুকবাৰী অঞ্চলৰ এখন ধাবালৈ ঠিকাৰ এগ্ৰিমেন্টৰ বাবে মাতি নিয়ে৷