নলবাৰীঃ একো একো খন বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পৰাই আৰম্ভ হয় ছাত্ৰৰ ৰাজনীতি৷ ছাত্ৰৰ ৰাজনীতিয়ে বিশেষ ভূমিকাৰ গ্ৰহণ কৰি আহিছে অসমৰ ৰাজনীতিৰ পথাৰ খনত৷ বৰ্তমানৰ ৰাজনীতিৰ পথাৰ খনত সক্ৰিয় হৈ থকা অসমৰ প্ৰেয় খিনি নেতাই ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত আছিল৷ শাসক বিৰোধিৰ প্ৰায় নেতা ছাত্ৰৰ ৰাজনীতিৰ পৰা অহা৷ সেয়া প্ৰফুল্ল মহন্তই হওক, বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হওক সকলো ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ আহিছে৷
ৰাজ্য খনৰ ছাত্ৰ ৰাজনীতিয়ে সময়ে সময়ে শিৰোণাম দখল কৰিলেও ৰাজ্যত আছে এখন ব্যতিক্ৰম মহাবিদ্যালয়৷ যিখন বিদ্যালয়ত ছাত্ৰই ৰাজনীতি নকৰে৷ কাৰণ তেওলোকৰ মহীবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত নহয়৷ তেওলোকে বাছনি কৰে ছাত্ৰ একতা সভাৰ পদৰ বাবে যোগ্য ছাত্ৰক৷ নিৰ্বাচনৰ প্ৰচাৰ, ৰাজনৈতিক দলৰ হস্তক্ষেপ, অৰ্থৰ অপচয় ৰোধৰ বাবে এই পন্থা নিশ্চয় শলাগলবলগীয়া৷