Home ৰাজ্যদিল্লীৰ মৌড়িস আৰক্ষী থানাত দিল্লী একছন সমিতি ফ’ৰ অসমৰ নেতৃত্বক সোধ-পোছ

দিল্লীৰ মৌড়িস আৰক্ষী থানাত দিল্লী একছন সমিতি ফ’ৰ অসমৰ নেতৃত্বক সোধ-পোছ

by News Desk
53 views
A+A-
Reset

গুৱাহাটীঃ দিল্লীৰ Constitution Clubত অনুষ্ঠিত বিতৰ্কিত NRCৰ সভাৰ উদ্যোক্তাৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে৷ অসম আৰক্ষীৰ এটা দলে দেওবাৰে Delhi Action Committee for Assamৰ সভাপতি বনজিৎ হুছেইন আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আম্ৰপালী বসুমতাৰীক প্ৰায় তিনি ঘন্টা সোধ-পোছ কৰে৷ দিল্লীৰ মৌড়িস আৰক্ষী থানাত তিনি ঘন্টা ধৰি সোধ-পোছ কৰাত নতুন তথ্য লাভ কৰাৰ সন্দেহ কৰা হৈছে৷ ইতিমধ্যে শনিবাৰে অসম আৰক্ষীৰ এটা দল Constitution Clubত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ক্নাবৰ লোকক সোধ-পোছ কৰে৷

Delhi Action Committee for Assamৰ সভাপতি তথা বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ পুত্ৰ বনজিৎ হুছেইনক দিল্লীৰ অসম হাউচলৈ সোধ-পোছৰ বাবে আৰক্ষীয়ে মাতিছিল যদিও আহিবলৈ অমান্তি হয়৷ তাৰ পিছত এখন কেফেত লগ কৰাৰ বাবে আৰক্ষীক কোৱা হৈছিল৷ অৱশেষত দিল্লীৰ অধ্যাপিকা আম্ৰপালী বসুমতাৰী আৰু বনজিৎ হুছেইনক অসম আৰক্ষীয়ে দিল্লীৰ মৌড়িস আৰক্ষী থানাত সোধ-পোছ কৰে৷ গুৱাহাটী মহানগৰ আৰক্ষীৰ এটা দল বৃহস্পতিবাৰে দিল্লীত উপস্থিত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0