বৰপেটাঃ ‘‘পৃথিৱীখনত তিনি প্ৰকাৰৰ মানুহ আছে৷ প্ৰথমবিধ মানুহে পৃথিৱীখনত কিবা এটা অসাধ্য সাধন কৰিব পাৰে, দ্বিতীয়বিধে সেই অসাধ্য সাধনৰ ফল সদব্যৱহাৰ কৰি জগতৰ মঙ্গলৰ হকে নিয়োজিত হব পাৰে আৰু তৃতীয়বিধে সেই অসাধ্য সাধন সম্পৰ্কত শুনা-প্ৰত্যক্ষ কৰা ঘটনাৰাজিৰ বিষয়ে ভাবি ভাবি জীৱনটো পাত কৰিব পাৰে৷ প্ৰথমবিধ মানুহ কোনোবাটো সময়ত স্বীকৃত হয় ঈশ্বৰ অথবা মহাপুৰুষৰূপে ।
কোনোবা সময়ত স্বীকৃত হয় পৃথিৱীখনৰ সবাতোকৈ কৃতকাৰ্য্য মানুহৰূপে৷ দ্বিতীয়বিধ স্বীকৃত হয় প্ৰয়োজনীয় ‘মানুহ’ হিচাপে আৰু তৃতীয়বিধে স্বীকৃতি লাভ কৰে ‘সৰ্বসাধাৰণ’ বিফল মানুহৰূপে৷’’ বৰপেটাৰ সুহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিবেশনত এইদৰে অভিজ্ঞতা অাৰ্জিত বিভিন্ন উদাহৰণেৰে ছাত্ৰ-ছাত্ৰীসকলৰ আগত বক্তব্য দাঙি ধৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ মাধুৰ্যমণ্ডিত বৰুৱাই৷