চামগুৰিঃ এটা জাতি সাংস্কৃতিক ভাবে আগবাঢ়ি যাবলৈ পাৰদৰ্শিতাৰ প্ৰয়োজন। এই ক্ষেত্ৰত পুৰণিগুদাম বাপুজী ভৱনে সু-চিন্তিত ভাবে বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰি শিকাৰুসকলক সহায় কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত এই ভৱনত প্ৰশিক্ষণ গ্ৰহণ কৰা শিকাৰুৱে বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
দেওবাৰে পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ প্ৰস্তাৱিত নতুন ভৱনৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ইণ্ডোনেছিয়াৰ সংস্কৃতি ৰামায়নৰ সংস্কৃতি, ইণ্ডোনেছিয়াৰ লোকসকল ইছলাম ধৰ্মাৱলম্বী হ’লেও ৰামায়ণৰ সংস্কৃতিৰে ডাঙৰ- দীঘল হৈছে। ঠিক সেইদৰে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে সত্ৰীয়া সংস্কৃতিৰে ডাঙৰ দীঘল হৈছে। সম্ৰাট অশোকেও তেওঁৰ দিনত সংঘটিত হিংসাত্মক ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। ধৰ্মাচৰণৰ ক্ষেত্ৰত আচৰণ অমিল হ’লেই হিংসা বৃদ্ধি পায়। এনে ক্ষেত্ৰত ধৰ্মাচৰণক আধ্যাত্মিক স্তৰলৈ উন্নত কৰিব পাৰিলেই সংঘাত নাইকিয়া হব।