ডিজিটেল ডেস্কঃ এসময়ৰ দুৰ্ধৰ্ষ ডনৰ মন বৰ বেয়া৷ যিজন মাফিয়া ডন ইন্টাৰপলৰ মষ্ট ৱান্টেড তালিকাত অন্তৰ্ভুক্ত, ৯৩-ৰ মুম্বাই বিস্ফোৰণৰ মুল অভিযুক্ত সেইজন মানুহৰ বৰ্তমানে অন্তৰত দুখ৷ অৱশ্যে কাৰণ নিত্যান্তই পাৰিবাৰিক৷
জানিবলৈ পোৱা মতে, ডাউদৰ একমাত্ৰ পুত্ৰ মইন নোৱাজ ডি কাচকৰে পাৰিয়ালক গুৰুত্ব প্ৰদান নকৰি, অবৈধ কাম কাজ, ব্যৱসায় ত্যাগ কৰি ধৰ্মৰ কামত লাগিছে। একমাত্র পুত্ৰই এইদৰে বিশাল সাম্ৰাজ্য এৰি যোৱাত গভীৰ হতাশাত ভুগিছে কুখ্যাত মাফিয়া ডন ডাউদ।