গুৱাহাটীঃ ৰাজ্য বাসীৰ মৰম, চেনেহ, আশীৰ্বাদ লৈ ৰিঙত নামিব অংকুশিতাই৷ প্ৰতিপক্ষ ৰাছিয়াৰ একটাৰিনাক হৰুৱাই স্বৰ্ণ দখল কৰিবলৈ ঘোচাৰ যাদু দেখুৱাবলৈ আৰম্ভ কৰে৷ নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকৰ পূৰ্বে অনুমান কৰা অনুযায়ী অংকুশিতাই আৰম্ভ কৰিছে যাদু ৷ প্ৰায় ২০ মিনিট পূৰ্বে তীব্ৰ ঘোচাৰে আৰম্ভ কৰিছে খেল। ৰিঙত ৬৪ কেজি শাখাত ৰূপ দখল কৰি থোৱা অংকুশিতাৰ সপোন আছিল কেৱল স্বৰ্ণ দখল কৰাৰ৷ সাজু হৈ যেন নামিছে তাই। ব্যাপক উদ্যম লৈ যেন সাজু অংকুশিতা।
য়ুথ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত নিজ সাধনা আৰু একগ্ৰতাৰে ফাইনেলত প্ৰবেশ কৰে অসমৰ অংকুশিতাই৷ ইতিমধ্যে ৰূপৰ পদক নিজৰ দখললৈ অনা অংকুশিতাক লাগে কেৱল স্বৰ্ণ৷ অংকুশিতাই দেশবাসীক দিব খোজে এই উপহাৰ৷ নতুন বছৰৰ প্ৰাক মুহূৰ্তত এই উপহাৰ দি শুভেচ্ছা যাচিব খোজে ৰাজ্য খনৰ নাগৰিকক৷ কঠোৰ পৰিশ্ৰম কৰি চমকপ্ৰদ সফলতাৰে জিলিকি উঠা দৰিদ্ৰ পৰিয়ালৰ সন্তান অংকুশিতা বৰ্ণাঢ্য ক্ৰীড়া জীৱনৰ পাতনি মেলি এই স্থানত উপণীত হোৱাৰ খবৰে তাইক ৰাজ্যবাসীৰ আপোন কৰি তুলিছে৷