চাবুৱাঃ জৰাজীৰ্ণ পথ নহয় এতিয়া যেন মৰণফান্দ হে। এই মৰণফাণ্ডত নিতৌ মৃত্যুই হাত বাউল দি মাতে মানুহক। চৰকাৰে পৰিবৰ্তনৰ শ্ল’গান দি এতিয়া মৃত্যুৰ মুখত এৰি দিছে মানুহক। তাৰ মাজতে কৰুণ মৃত্যুক সাৱটিলে এজন ছাত্ৰই৷ বাৰম্বাৰ ৰাইজে পথ মেৰামতিৰ দাবী জনাই অহাৰ পিছতো গা নলৰিল গড়কাপ্তানী বিভাগৰ৷ হয়, আপুনু ধৰিব পাৰিছে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ কথাই কৈছো।
ঐতিসাহিক চাবুৱা-টেঙাখাত সংযোগী গড়কাপ্তানীৰ পথ বছৰ বছৰ ধৰি মেৰামতি নকৰাত দিনে দিনে বেয়াৰ ফালে ঢাল খাই অহাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বহু পুৰ্বৰে পৰাই পুণৰ নিমাৰ্ণৰ বাবে দাবী জনাই অাহিছিল৷