ঢেকীয়াজুলিঃ বক্সিঙেৰে বিশ্বজয় কৰা অসম তথা ভাৰত গৌৰৱ ঢেকীয়াজুলিৰ জীয়ৰী অংকুশিতাক লৈ ৰাইজৰ মাজত উলাহৰ যেন শেষ নাই৷ ২৬ নবেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নচিপৰ চূড়ান্ত খেলখনত চূড়ান্ত বিজয়ী হৈ স্বৰ্ণ পদক লাভ কৰাৰ লগতে শ্ৰেষ্ঠ খিলুৱৈৰ খিতাপ অৰ্জন কৰা অংকুশিতাৰ বাসগৃহলৈ কালি নিশাৰে পৰা বৈছে শুভাকাংশী ৰাইজৰ সোঁত৷
শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহচক্ৰৰ অন্তৰ্গত উলুবাৰী গাৱঁত জন্মলাভ কৰা এইগৰাকী বিশ্বজিনা খেলুৱৈ বৰ্তমানে বসবাস কৰা কাষৰীয়া মেঘাইজাৰণী গাঁৱলৈ যেন এইগৰাকী সুযোগ্য অসমসন্তানে নমাই আনিলে আনন্দৰ বন্যা৷ এটি দাৰিদ্ৰ পিড়িত অঞ্চলৰ পৰা গৈ ক্ৰীড়াৰ জৰিয়তে ইতিহাস ৰচনা কৰা এই গৰাকী অসাধাৰণ তৰুণীৰ বিজয়ৰ উছাহত এতিয়া উথলি উঠিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ৷ দলেবলে সকলো ৰাওনা হৈছে অংকুশিতাৰ ঘৰলৈ৷