গোৰেশ্বৰঃ বিশ্ব ক্ৰীড়াজগতত দেশৰ লগতে অসমৰো নাম উজলোৱা ঢেকীয়াজুলিৰ উলুবাৰী-মেঘাইজাৰণি গাঁৱৰ অংকুশিতা বড়োলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই। দেওবাৰে নিশা সৰুসজাইত অনুষ্ঠিত বিশ্ব মহিলা চেম্পিয়নশ্বিপত অংকুশিতা বড়োৱে ৬৪ কেজি শাখাত ৰাছিয়াৰ ডাইনিক একাটেৰিণাক পৰাজিত কৰি স্বৰ্ণ পদক আঁজুৰি আনি গৌৰৱান্বিত কৰিছে দেশবাসীক। শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত উলুবাৰী গাওঁৰ ৰাকেশ কুমাৰ বড়োৰ কন্যা অংকুশিতাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে অপ্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষক তথা কৰ্মচাৰী সমাজো।
ঐক্যমঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় যে যিহেতু অংকুশিতাৰ পিতৃ নিজে এগৰাকী ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক, সেয়েহে এই শুভ সংবাদে ভেন্সাৰ শিক্ষক-কৰ্মচাৰী সমাজখনকো গৌৰৱান্বিত কৰিছে।