লংকাঃ ইউ ডি এফৰ হোজাই জিলাৰ লামডিং সমষ্টিৰ নেতা-নেত্ৰী তথা স্বামী-স্ত্ৰীক দলৰ পৰা বহিস্কাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যোৱা পঞ্চায়ত নিৰ্বাচনত এ আই ইউ ডি এফ দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ উদালী গাঁও পঞ্চায়তৰ সভানেত্ৰী হোৱা আবিদা বেগম আৰু স্বামী তথা পশ্চিম উদালী গাঁও পঞ্চায়তৰ সদস্য আনোৱাৰ হুছেইনক দৰল পৰা বহিস্কাৰ কৰে৷
ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগত বহিস্কাৰ কৰে বুলি দলে জানিবলৈ দিয়ে৷ আঁচনিৰ ধন আত্মসাত, PMY-G আঁচনিৰ হিতাধিকাৰীৰ পৰা টকা লোৱা, দলৰ নেতৃত্বক মুকলিকৈ সমালোচনা কৰা আদি দল বিৰোধী কাৰ্যত লিপ্ত থকাত স্বামী-স্ত্ৰীক দলৰ পৰা বহিস্কাৰ কৰে৷ দুৰ্নীতিৰ সন্দৰ্ভত ইতিমধ্যে পঞ্চায়তৰ প্ৰতিনিধি এগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈছিল৷