গোৰেশ্বৰঃ সোমবাৰে বাক্সা জিলাৰ নাওকাটাত এখন কাঠৰ দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ কাৰ্যবাহী গনেশ কছাৰীয়ে৷ বছৰ বছৰ ধৰি ৰাইজে নাওকাটা-নিজঝাৰগাঁও পথৰ শুক্লাই নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবহী জনাই আহিছে যদিও অৱশেষত ১ কোটি ৪২ লাখ টকাৰে নিৰ্মাণ কৰিব এখন কাঠৰ দলং৷ ৰাইজে শুক্লাই নৈত গাঁঠিৰ ধৰ ভাঙি বছৰ বছৰ ধৰি বাহৰ দলং নিৰ্মাণ কৰি আহ-যাহ কৰি আহিছে যদিও বিটিচি প্ৰশাসনে তথা অসম চৰকাৰে গুৰুত্ব আৰোপ কৰা নাছিল৷
অৱশেষত বিটিচিৰ কাৰ্যবাহী গনেশ কছাৰীৰ সমষ্টিৰ ১ কোটি ৪২ লাখ টকা ব্যয় সাপেক্ষে কাঠৰ দলং নিৰ্মাণ কৰাৰ বাবে সোমবাৰে আধাৰশিলা স্থাপন কৰে৷ কাঠৰ দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি গনেশে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ হীৰা শৰণীয়াই ২০১৯ৰ লোকসভা নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি কয়। ইতিমধ্যে সমষ্টিটোৰ অন্তৰ্গত বিটিএডিৰ পৰিষদীয় সমষ্টিৰ সদস্যসকলে সাংসদ নৱ শৰণীয়াৰ বিৰুদ্ধে আৰম্ভ কৰিছে ৰাজনৈতিক অভিযান।