যোৰহাটঃ ৰাজ্য খনৰ বিভিন্ন সন্দৰ্ভত সততে সক্ৰিয় ভূমিকা পালন কৰি অহা সংগঠন অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ, অসম। ভূমিষ্ঠ হোৱাৰ এবছৰ পিছতে জনপ্ৰিয়তা লাভ কৰা আপোচ বিহীন সংগ্ৰাম আৰম্ভ কৰিছে সংগঠনটোৱে। অসমীয়া জাতিৰ সংকট কালত জাতীটোৰ ওচৰত থিয় দি সংকট মোচন থকা সংকটৰ পৰা উদ্ধাৰৰ স্বাৰ্থত আজিৰ পৰা প্ৰায় এবছৰ পুৰ্বে ৰাজ্যত ভূমিষ্ঠ হৈছিল অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজ নামৰ সংগঠনটোৰ৷
ৰাজ্যৰ কেবাগৰাকী যুৱকে একত্ৰিত হৈ জন্ম দিয়া সংগঠনটোৱে বিগত এটা বছৰত অসমৰ প্ৰতিটো সমস্যাৰ হৈ মাত দি আহিছে৷ চৰকাৰৰ জনবিৰোধি নীতি, অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ বাবে ১৯৫১চনক ভিত্তিবৰ্ষ হিচাপে লোৱা, হিন্দু বাংলাদেশী সংস্থাপন, তৈল খাদ নিলাম আদি বিষয়ত নেৰানেপেৰা আন্দোলন কৰি আহিছে সংগঠনটোৱে৷ সংগনটোৱে কেন্দ্ৰীয় প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস যোৰহাট জিলাৰ টিয়কট সোমবাৰে অনুষ্ঠিত কৰে৷