গুৱাহাটীঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী দ্বিতীয় দিনাও অব্যাহত আছে আমচাং অভয়াৰণ্যত প্ৰশাসনৰ উচ্ছেদ অভিযান৷ ৩০ নৱেম্বৰৰ পূৰ্বে ন্যায়লয়ে উচ্ছেদ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াত প্ৰশান সস্তম হৈ পৰে৷ কাংকন নগৰ, ইউছুফ নগৰ, নৱজ্যোতি নগৰত তথা পাঞ্জাবাৰী বতাহঘুলি অঞ্চলত সোমাবাৰে পুৱাই প্ৰশাসনে উচ্ছেদ চলাবলৈ গৈ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ব লগা হৈছিল৷
স্থানীয় হাজাৰ হাজাৰ লোকে প্ৰশাসনক উচ্ছেদত বাধা প্ৰদান কৰাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে ৰাইজৰ সৈতে আৰক্ষী আৰু ৰাইজৰ হাতহতি পৰ্যন্ত হয়৷ তাৰ পিছতো থলুৱা লোকক ৰবৰ গুলী নিশেক্ষ কৰি পিছিত লাঠিৰ কোব পেলাই টানি-চোচোৰাই উচ্ছেদ অভিযান চলাই সোমবাৰে সমগ্ৰ দিনটো৷ ৰাইজে কেইবা ঠাইতো নিজৰ ঘৰ কেই খন বচাবলৈ বাৰে বাৰে ৰাইজে বাধা দিয়াৰ চেষ্টা কৰে যদিও বৃহৎ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ সন্মুখত বিফল হয় ৰাইজ৷