খেৰণিঃ কটকটীয়া নিৰাপত্তাৰ পিছতো অসমত বিনা দ্বিধাই সোমাই ট্ৰাক৷ মাত্ৰ দুদিন পুৰ্বে কাৰ্বি আংলঙত বিদেশী মদৰ গাড়ী জব্দ কৰাৰ পিছত পুনৰ জব্দ হল বেআইনী ভাবে চলাচল কৰা ট্ৰাক৷ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত দুখনকৈ অবৈধ কয়লাভৰ্তী ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে।
ৰাজ্যত প্ৰশাসন-বন বিভাগে অবৈধভাৱে ভূমি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ সময়তে মঙলবাৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত অবৈধ কয়লা কঢ়িওৱা দুখনকৈ কয়লাভৰ্তী ট্ৰাক জব্দ কৰে বন বিভাগে।