কোকৰাঝাৰঃ প্ৰাক্তন প্ৰশাসনিক ৰোহিলা ব্ৰহ্মক মঙলবাৰে আনুষ্ঠানিকভাৱে “পদ্মা কলিতা স্মাৰক বটাঁৰে” বিভুষিত কৰে পদ্মা কলিতা স্মাৰক ন্যাসে৷ কোকৰাঝাৰ চহৰস্থিত গড়কাপ্তানী বিভাগৰ অতিথিশালাত গুৱাহাটীৰ “পদ্মা কলিতা স্মাৰক ন্যাসে” প্ৰশাসনিক বিষয়া ৰোহিলা ব্ৰহ্মক স্বচ্চ আৰু নিকা ভাৱমূৰ্তিৰ বাৱে পদ্মা কলিতা স্মাৰক বঁটাৰে বিভূষিত কৰে।
উল্লেখ্য যে কোকৰাঝাৰৰ দক্ষ মহিলা বিষয়া ৰোহিলা ব্ৰহ্মক বিগত বৰ্ষত উক্ত বঁটাৰ বাবে মনোনিত কৰিছিল যদিও শাৰিৰীক অসুস্থতাৰ বাবে যোৱা ২০১৬ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা বটাঁ বিতৰণী সমাৰোহত ৰোহিলা ব্ৰহ্ম উপস্থিত থাকিব পৰা নাছিল।