গোলকগঞ্জঃ ৰাজৈনিত দল বোৰৰ বাবে যেন সুখবৰ হে ৷ বাংলাদেশী অসমৰ ভূমিত বিনা দ্বিধাই সোমাব পাৰিব৷ বাঢ়িব তেওঁলোকৰ ভোট বেংক৷ লাগিলে অসমৰ ভূমিপুত্ৰ সকলৰ জীৱন দুৰ্বিষহ নহওক কিয় ৷ অসম বাংলাদেশ সীমান্তৰ অসমৰ গাঁও গৰা খহনীয়াৰ কবলত পৰি জাহ গৈছে। এফালৰ পৰা জাহ যোৱা গাঁও নিশ্চিহ্ন হোৱাৰ পিছতে চিন-চাব নাথাকিব। যাৰ ফলত ক্ৰমান্বয়ে বাংলাদেশৰ ঘৰৰ চোতাল হবলৈ ধৰিছে অসম ভূমি৷
ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বিন্নাছাৰা তৃতীয় আৰু চতুৰ্থ খণ্ড গাঁৱত গংগাধৰ নৈৰ গৰা খহনীয়াৰ ৰুভয়াবৰ ৰূপে নিদ্ৰাহৰণ কৰিছে বিন্নাছাৰা বাসী ৰাইজক। যোৱা এমাহ ধৰি গংগাধৰ নৈৰ ব্যাপক খহনীয়াই ১৪০টা পৰিয়ালক গৃহহীন কৰে।