57
আগৰতলাঃ চাৰিদিনয়া ভ্ৰমণ সূচীৰে ত্ৰিপুৰালৈ আহে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যা সুষমা চাহু। মঙলবাৰে সন্ধিয়া আগৰতলা বিমান বন্দৰত বিমানৰ পৰা নমাৰ পিছতে বহু মহিলা সংগঠনে তেওক আদৰণী জনাই৷
বিজেপিৰ ত্ৰিপুৰা মহিলা মৰ্চাৰ সভানেত্রী পাপিয়া দত্তই তেওক আদৰণী জনাই৷ বিমান বন্দৰৰ পৰা তেওক পোনে পোনে ৰাজ্যিক অতিথি শালালৈ নিয়া হয়৷ বুধবাৰে পুৱাই অধ্যক্ষগৰাকীয়ে ত্ৰিপুৰাৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিব৷ একাংশ অসহায়, নিপীড়িত লোকক তেও সাক্ষাৎ কৰিব৷