গুৱাহাটীঃ আমচাং অভয়াৰণ্যৰ পৰা থলুৱাক অমানবীয় ভাবে উচ্ছেদ কৰাত জাঙুৰ খাই উঠিছে ৰাজ্য খনৰ খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠন সমূহ৷ জাতি, মাটি ভেটিৰ ৰক্ষাৰ কথা কৈ চৰকাৰ গঠন কৰা অগপ, বিজেপি আৰু বিপিএফ চৰকাৰে খিলঞ্জীয়া চৰকাৰে ভূমিপুত্ৰ মিচিং, কাৰ্বি, বড়োৰ পৰা ভূমি কাঢ়ি নিয়াত ক্ষোভিত হৈ পৰিছে কেইবাটাও সংগঠন৷ তাৰ মাজতে জনজাতি সংগঠন সমূহৰ সম্বন্বয়ৰক্ষী সমিতিয়ে বুধবাৰে পুৱাৰে পৰা ১২ ঘন্টীয়া অসম বন্ধৰ ঘোষণা কৰে৷
সংগঠনটোৰ নেতা প্ৰশান্ত কোঁৱৰে জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰে থলুৱাক অপমান কৰিছে যাৰ বাবে এই বন্ধৰ আহ্বান কৰা হৈছে৷ বুধবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া বন্ধ পালন কৰি ৰাইজক ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়৷ তাৰ মাজতে, এই বন্ধক সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে বিৰোধিতে কৰে৷ এক বিবৃতি যোগে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই বন্ধক বিৰোধিতা কৰি বন্ধই অসমৰ কোনো সমস্যা সমাধান নকৰে বুলি কয়৷