বাইহাটা চাৰিআলিঃ আমচাং অভয়াৰণ্যৰ পৰা থলুৱাক অমানবীয় ভাবে উচ্ছেদ কৰাৰ লগতে কুছুদিন পূৰ্বে মঙলদৈৰ ফুহুৰাতলিত প্ৰশাসনে উচ্ছেদ অভিযান চলাই৷ তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এ আই ইউ ডি এফৰ এটা দলে ফুহুৰাতলিত উচ্ছেদিত লোকৰ খবৰ লবলৈ যায়। তাৰ মাজতে শ্বেখ শ্বাহ আলম নামৰ এ আই ইউ ডি এফৰ নেতাগৰাকীয়ে এখন ৰাজহুৱা সভাত সাম্প্ৰদায়িক মন্তব্য আগবঢ়ায়৷ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দল-সংগঠনে৷
তাৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজ্য খনৰ দল-সংগঠন সমূহ৷ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক শ্বাহ শ্বেখ আলমে কৰা সাম্প্ৰদায়িক আৰু বিভাজনমুখী মন্তব্যক চোকা ভাষাৰে সমালোচনা কৰে অসম গণ পৰিষদে এক বিবৃতি যোগে সংগঠনটোৰ মুখপাত্ৰ মনোজ শইকীয়াই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কাজত বিধি পথালি দিবলৈ এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ বুলি কয়৷ শ্বাহ শ্বেখ আলমৰ দৰে একাংশ ৰাজনীতিকে সদায়ে অবৈধ বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈ আহিছে আৰু শান্তি সম্প্ৰীতি বিনষ্ট কৰি ৰাজ্যখনক অস্থিৰ কৰাৰ নিকৃষ্ট ৰাজনীতি কৰি আহিছে।