চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ সংযুক্ত সাংবাদিক সন্থা চমুকৈ উকাচে নিউজ-১৮ অসম নৰ্থ ইষ্টৰ তেজপুৰৰ ফটো সাংবাদিক অপূৰ্বজ্যোতি পটংগীয়াক শেষ শ্ৰদ্ধাঞ্জলি যাচে৷ মঙলবাৰে কলিয়াবৰত এটি শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হয় পূৰ্বজ্যোতি পটংগীয়াৰ৷ বুধবাৰে মৃতদেহ গুৱাহাটীৰ পৰা নিজা বাসভৱনলৈ আনি থকাৰ অৱস্থাত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে চামগুৰিৰ সংবাদিকগৰাকীয়ে।
চামগুৰি গড়কাপ্তানি পৰিদৰ্শন ভৱনৰ সন্মুখত, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্ভীক, নিৰহংকাৰী তথা সততা, নিষ্ঠা আৰু দায়বদ্ধতাৰ প্ৰতীকস্বৰূপ সৰবৰহী সাংবাদিকগৰাকীৰ প্ৰতি উকাচৰ সদস্যসকলে শেষ শ্ৰদ্ধা যাচে।