নামতিঃ ৰাজ্যিক মহিলা আয়োগ আৰু শিৱসাগৰ জিলা প্রশাসনৰ উদ্যোগত বুধবাৰে নামতি ক্লাৱত এখন জিলা পর্যায়ৰ নাৰীৰ আইন সজাগতা সভা অনুষ্ঠিত হৈ যায়। শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাসৰ সঞ্চালনাত অনু্ষ্ঠিত সভাত নাৰীক আইনৰ সন্দর্ভত সজাগ কৰি তোলাৰ বাবে অনুষ্ঠিত কৰা হয়।
সভাত অসম মহিলা আয়োগৰ অধ্যক্ষা চিকিমিকি তালুকদাৰ, অসম মহিলা আয়োগৰ উপাধ্যক্ষা হেমপ্রভা বৰঠাকুৰ, শিৱসাগৰ জিলা শিশু কল্যান সমিতিৰ অধ্যক্ষা তথা অসম প্রাদেশিক মহিলা সমিতিৰ উপ-সভানেত্রী মণিকা শইকীয়া, অধিবক্তা ফজল আলী উপস্থিত থাকে।