চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱা শিক্ষা বিভাগৰ পয়ালাগ ছবি খন উদঙাই দিবৰ বাবে প্ৰতিবাদ তথা অভিযান অব্যাহত ৰাখিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ প্ৰায় ২৫ খনতকৈ অধিক বিদ্যালয়ৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী কোঠাৰ অভাৱত পাঠগ্ৰহণত ব্যাপক সমস্যাত পৰাৰ লগতে বিভিন্ন সমস্যাৰে যুজ দি পাঠ দান কৰি থকাৰ কথা পোহৰলৈ আনে৷
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দিপাংকৰ গগৈ আৰু সভাপতি জিতুপন শইকীয়াই এক বিবৃতি যোগে যি সময়ত শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগৰ বহু উন্নতিৰ কথা কৈ গুণোৎসৱৰ নামত ধাক-ঢোল বজাই আহিছে সেই সময়তেই চাবুৱাৰ পানীতোলা শিক্ষাখণ্ডৰ অধীনৰ ৰংচঙী প্ৰাথমিক বিদ্যালয়, সৰুপথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে ২৫ খনতকৈ অধিক চৰকাৰী বিদ্যালয়ত শিক্ষাদান দিয়াৰ নামত কণ-কণ ছাত্ৰী সকলৰ জীৱনক লৈ হেতালি খেলি অহাৰ অভিযোগ উত্থাপন কৰে। যোৱা এপ্ৰিল মাহত অহা প্ৰচণ্ড বতা ধুমুহাত পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰায় ২৫ খনতকৈ অধিক চৰকাৰী বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছিল।