বঢ়মপুৰঃ তিৱাৰ বৰঘৰত তিৱা লোক নৃত্যক অনাঅসমীয়া ব্যৱসায়ীয়ে অপমান কৰাৰ মৰসাহ কৰাৰ পিছত এইবাৰ এখন গ্ৰন্থত তিৱা ইতিহাস সন্দৰ্ভত ভুল বৰ্ণনা দিয়াৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৰিগাঁও-নগাঁও জিলাত৷ তিৱা সকলৰ ইতিসাহ বিকৃত কৰাৰ চেষ্টা চলোৱা বুলি বিভিন্ন তিৱা লোকে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে৷
তিৱা নৃত্যক বিকৃত ৰূপত উপস্থাপন কৰা কাৰ্যই তোলপাৰ লগাই থকাৰ সময়তে তিৱা জাতিৰ ইতিহাস ভুলকৈ বৰ্ণনা দিয়াত ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীটোৰ লোকসকল৷ তিৱা সমাজৰ ইতিহাস বিকৃত কৰি প্ৰসিদ্ধ তিৱা বীৰক অপমাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী প্ৰতিষ্ঠিত লিখকৰ বিৰুদ্ধে৷