উচ্ছেদিত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত শিক্ষাৰ দায়িত্ব গ্ৰহণৰ দাবী এছ এফ আইৰ

Home ৰাজ্যউচ্ছেদিত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত শিক্ষাৰ দায়িত্ব গ্ৰহণৰ দাবী এছ এফ আইৰ

উচ্ছেদিত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত শিক্ষাৰ দায়িত্ব গ্ৰহণৰ দাবী এছ এফ আইৰ

by News Desk
51 views
A+A-
Reset

ডিব্ৰুগড়ঃ আমচাঙত যি হৃদয় বিদাৰক উচ্ছেদ কাৰ্য চলিল সেই কাৰ্যক ভাৰতৰ ছাত্ৰ ফেডাৰেছন আৰু মটক যুৱ-ছাত্র পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছে। কোনো ধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চলোৱা এই উচ্ছেদ সঁচা অৰ্থত অমানৱীয়। এই উচ্ছেদিত ঠাইত বহু ছাত্ৰ-ছাত্ৰী আছে, ইয়াৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া এক বুজন সংখ্যক ছাত্ৰ-ছাত্ৰীও আছে।

উল্লেখযোগ্য যে ১৯৯৩ চনতে ৰাইজে স্থাপন কৰা ‘জনশিমলু উচ্চ ইংৰাজী বিদ্যালয়খনত ভূমি সম্পৰ্কীয় চৰকাৰী নথি-পত্ৰ থকা স্বত্বেও ভাঙি পেলালে প্ৰশাসনে। বৰ্তমান বিদ্যালয়খনত ২৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰত হৈ আছে তাৰে ভিতৰত ৪১ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী। উক্ত পৰীক্ষাত অৱতীৰ্ণ হবলগা ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়নপত্ৰ, পূৰ্বে মেট্ৰিক ত পাছ কৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণ পত্ৰ ধ্বংসস্তুপৰ মাজত সোমাই পৰিল। অন্ধকাৰময় হৈ পৰিল বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0