Home ৰাজ্যডিব্ৰুগড় ব্লাড ড’নাৰ্চ ফ’ৰামৰ উদ্যোগত বিশ্ব এইডছ দিৱস পালন

ডিব্ৰুগড় ব্লাড ড’নাৰ্চ ফ’ৰামৰ উদ্যোগত বিশ্ব এইডছ দিৱস পালন

by News Desk
58 views
A+A-
Reset

উত্তৰ অসমঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে ডিব্ৰুগড় ব্লাড ড’নাৰ্চ ফ’ৰামৰ উদ্যোগতো বিশ্ব এইডছ দিৱস পালন কৰা হয়৷ এইডছ অৰ্থাৎ একুৱাৰেদ ইমিওন ডেফিছিয়েনচি ছিণ্ড্ৰমৰ ভয়াবহতা সম্পৰ্কে গোটেই বিশ্বজুৰি নিৰাপদ যৌন সম্পৰ্কত সাৱধানতা, ৰক্তৰ ব্যৱহাৰত সচেতনতা আৰু সজাগতা সৃষ্টি কৰাৰ লগতে এই দিনটো এইডছ ৰোগত মৃত্যু বৰণ কৰাসকললৈ সমৰ্পণ কৰি অহা হৈছে।

উল্লেখ্য যে, অগ্ৰণী সংস্থা ডিব্ৰুগড় ব্লাড ড’নাৰ্চ ফ’ৰামে এই দিৱস উপলক্ষে থানা চাৰিআলি শান্তিপাৰাৰ পৰা চৌকিডিঙ্গী লৈকে এক সজাগতা সমদল কৰি এইডছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। সভাপতি ড০ খনীন্দ্ৰ মিশ্ৰ ভাগৱতী, ‌অংশু পাল উপদেষ্টা, আহ্বা‌য়ক, প্ৰিয়ংকা দাস আৰু পল্লৱ চক্ৰৱতীৰ তত্বাৱধানত হাতে হাতে প্লে’কাৰ্ড, বেনাৰ সহ সমদলত শতাধিক শিক্ষাৰ্থীৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা অৰু গণসংযোগ ‌অধ্য‌য়ন কেন্দ্ৰৰ কেবাজনো ছাত্ৰই অংশগ্ৰহণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0