দিচাংমুখঃ আহোম-মোগলৰ যুদ্ধ তথা শৰাইঘাটৰ ৰণৰ কথা আহিলেই আগস্থান লাভ কৰে লাচিত বৰফুকনৰ কথাই৷ অসমৰ ইতিহাসৰ পাট লুটিয়াই চালে প্ৰথমে লাচিত বৰফুকন আৰু আহোম-মোগলৰ যুদ্ধৰ কথাই ওলাই পৰিব৷ মোগলক ধৰাশয়ী কৰা অসম আৰু অসমীয়াক ৰক্ষা কৰিছিল এই যুদ্ধত৷ এই যুদ্ধ আছিল অসমীয়া জাতিৰ বাবে অগ্নিপৰীক্ষা৷ লাচিতৰ নেতৃত্বত এই যুদ্ধ জয়ী হৈছিল তাহানিৰ অসমীয়াই৷
১৬৭১ চনৰ এই যুদ্ধত মোগল সাম্ৰাজ্য আৰু আহোমৰ মাজত হৈছিল৷ নেতৃত্ব লৈছিল লাচিত বৰফুকনে। লাচিতৰ বুদ্ধিৰ সন্মুখত মোগল সৈন্য পৰাস্ত হ’ব লগা হয়। অসমৰ ইতিহাসত দেশপ্ৰেম, সাহস, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক বুলি কলে লাচিত বৰফুকনৰ কথা মনলৈ আহে৷ আহোম মোগলৰ যুদ্ধৰ হোতা অসমক বিদেশীৰ হাতৰ পৰা ৰক্ষা কৰা লাচিত বৰফুকনক উপয়ুক্ত সন্মান চৰকাৰ তথা উপুক্ত সন্মান দিছে নাই সেই কথা কবলৈ নাযাও৷