মোৰাঝাৰঃ সমষ্টিৰ ৰাইজে বিধায়কক বিছাৰি হায়ৰাণ হৈ থকাৰ সময়তে এজন এজনকৈ নেতা আন দলত যোগদান কৰিবলৈ আৰম্ভ কৰিছে যমুনামুখত৷ একপ্ৰকাৰ ইউডিএফক যেন টেঙাইছে লাহে লাহে৷ যমুনামুখত ইউ ডি এফ দলৰ পৰা বহু নেতা কংগ্ৰেছ মুখী হোৱাত খহনীয়া হ’বলৈ আৰম্ভ হৈছে দলটোত৷
শাসক বিজেপিৰ বিৰুদ্ধে মাত নমতাত ইউ ডিএফৰ নেতা-কৰ্মী নাৰাজ হৈ কংগ্ৰেছ দলত যোগদান কৰিব আৰম্ভ কৰা বুলি চৰ্চা আৰম্ভ হৈছে৷ দেশ তথা ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত অগপ, ইউডিএফ দলক মাত নমতা বুলি অভিযোগ উত্থাপন কৰে যমুনামুখৰ লোকে।