হাইলাকান্দিঃ কাছাৰৰ অশোক কাগজ কল দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকাত অসমৰ উদ্যোগ খণ্ডত এক বৃহৎ ক্ষতিৰূপে চিহ্নিত হৈ আহিছে। সেয়েহে অশোক কাগজ কলটো কাৰ্যক্ষম কৰাৰ দাবীত ৰাইজে বহুবাৰ গণ আন্দোলন কৰি আহিছে যদিও আজিলৈ চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই৷ শেহতীয়াকৈ ইউ ডি এফৰ বৰাক উপত্যকাৰ তিনি জিলা সমিতিয়ে অশোক কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে চৰকাৰক৷
কাগজ কলটো পুনৰ মুকলি কৰাৰ দাবীত গণ আন্দোলনৰ ভাবুকি প্ৰদান কৰ দলটোৱে। বৰাকৰ ৰূপকাৰ ভাৰতৰ প্ৰাক্তন উদ্যোগ মন্ত্ৰী মইনুল হক চৌধুৰীৰ বৰাক ভেলীত বৃহৎ উদ্যোগ স্থাপন কৰাত, বিশেষকৈ অশোক কাগজ কল স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছিল৷ অসমৰ সম্পদ এই কাগজ কলটো পূৰ্বৰ চৰকাৰ বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে ধ্বংসৰ মুখলৈ গতি কৰে৷ বহু সময়ত এই কাগজ কলটো পুনৰ আৰম্ভ কৰিবলৈ বৰাককে ধৰি সমগ্ৰ অসমত আন্দোলন হৈ আহিছে৷