কোকৰাঝাৰঃ বড়োলেণ্ড বিশ্ববদ্যালয়ৰ অন্তৰ্গত ৫১ খন মহাবিদ্যালয়ৰ ভিতৰত ২৩ খন মহাবিদ্যালয়ে পুণৰাই গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰত্যাবৰ্তন কৰিছে। বিটিএডিৰ ৫১ খন মহাবিদ্যালয়ৰ ২৩ খন ১২ বি মৰ্যদাপ্ৰাপ্ত মহাবিদ্যালয়ে গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰত্যাবৰ্তন কৰাৰ পিছতে শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া স্নাতকোত্তৰ আৰু স্নাতক পৰ্যায়ৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষাসমুহ নিদিষ্ট মহাবিদ্যালয় সমুহে সাময়িকভাৱে স্থগিত তথা বাতিল কৰাত ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে।
উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নিজৰেই ইউজিচিৰ ১২ বি-ষ্টেটাচ নথকাৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনলৈ অহা ২৩ খন ১২ বি-ষ্টেটাচ সম্পন্ন মহাবিদ্যালয়ে ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছিল। বিভিন্ন সময়ত মহাবিদ্যালয়সমুহে নিজৰ অসুবিধাৰ কথা প্ৰকাশ কৰি অহাৰ পিছতো বড়োলেণ্ড বিশ্ববিদ্যালয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত অসন্তুষ্টিয়ে দেখা দিছিল আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ১২ বি-ষ্টেচাচ নথকাৰ বাবে ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমুহে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা বঞ্চিত হোৱাৰ লগতে আন আনুসংগিক অসুবিধাৰ সৃষ্টি হৈছিল।