অভিভাৱকহীন হ’ল এবছু, প্ৰতিষ্ঠাপক সভাপতি বানেশ্বৰ বসুমতাৰীৰ মৃত্যু

Home ৰাজ্যঅভিভাৱকহীন হ’ল এবছু, প্ৰতিষ্ঠাপক সভাপতি বানেশ্বৰ বসুমতাৰীৰ মৃত্যু

অভিভাৱকহীন হ’ল এবছু, প্ৰতিষ্ঠাপক সভাপতি বানেশ্বৰ বসুমতাৰীৰ মৃত্যু

by News Desk
55 views
A+A-
Reset

কোকৰাঝাৰঃ এবছুৰ প্ৰতিষ্ঠাপক সভাপতি বানেশ্বৰ বসুমতাৰীয়ে শুকুৰবাৰে বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰাত সমগ্ৰ বিটিএডিত গভীৰ শোকৰ ছাঁ পৰে। বাক্সা জিলাৰ কোকিলাবাৰীস্থিত নিজ বাসগৃহত শুকুৰবাৰে পুৱা বানেশ্বৰ বসুমতাৰীয়ে ৭৩ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত মৃত্যুবৰণ কৰাৰ বাতৰি সদৰি হোৱাৰ পিছতে বসুমতাৰীৰ বাসগৃহত অজস্ৰ গুণমুগ্ধৰ সোঁত বয় আৰু শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে মৃতকক শেষ শ্ৰদ্ধা নিৱেদন কৰি এবছুৰ প্ৰতিষ্ঠাপক সভাপতি বানেশ্বৰ বসুমতাৰীৰ মৃত্যু বড়ো সমাজ আৰু সংগঠনৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰে। এবছুৱে এগৰাকী প্ৰকৃত অভিভাৱকক হেৰুৱালে বুলি মন্তব্যৰে কাইলৈ বানেশ্বৰ বসুমতাৰীৰ মৃতদেহ লৈ শোভাযাত্ৰা বাহিৰ কৰা হ’ব বুলি মন্তব্য কৰিছে লৰেঞ্চ ইছলাৰীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0