61
নলবাৰীঃ সৰ্বভাৰতীয় কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী দেশৰ প্ৰভাৱশলী মহিলা ছোনিয়া গান্ধীৰ ৭২ সংখ্যাক জন্ম দিন পালন কৰে নলবাৰী জিলা মহিলা কংগ্ৰেছ সমিতিয়ে৷ নলবাৰীৰ ৰাজীৱ ভৱনত পালন কৰা হয় জন্মদিন৷
নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰৰ নেতৃত্বত আয়োজন কৰা জন্মদিনৰ অনুষ্ঠানত দৰিদ্ৰ মহিলা, শিশু, ছাত্ৰ-ছাত্ৰীৰ মাজত বস্ত্ৰ, পঢ়া সামগ্ৰী বিতৰণ কৰে।