57
গোলাঘাটঃ গোলাঘাট জিলাৰ লেটেকুজানত পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী লোকৰ মৃত্যু হয়। জানিব পৰা মতে, AS-05-C-0751 নম্বৰৰ এখন চাৰিচকীয়া বাহনে এখন বাইকত খুন্দা মৰাৰ ফলত ৰঙাজানৰ হিমাংশু গগৈ নামৰ লোকজন গুৰুতৰ ভাবে আহত হয়৷
দুৰ্ঘটনা সংঘটিত কৰা বাহন খনতেই হিমাংশুক আঘাত প্ৰাপ্ত অৱস্থাত গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও লোকজনৰ মৃত্যু হয়।