নগাঁওঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে নগাঁৱৰ আবেগ অনুভূতি কলং নৈৰ পানী দূষিত হোৱাত চিন্তিত হৈ পৰিছে নগঞা ৰাইজ৷ ঘোলা পানী বৈ থকা দুয়োখন নদীৰ পানীত অতিমাত্ৰা মেংগানিজ থকাৰ প্ৰমাণ বুলিও জানিব পৰা গৈছে৷ শুকুৰবাৰে দুয়োখন নদীৰ কেইবাটাও ঘাটৰ পৰা বিশেষজ্ঞৰ দলে পানী সংগ্ৰহ কৰি পৰীক্ষা কৰাত মেংগানিজ পোৱা বুলি জানিব পাৰ গৈছে৷
জীৱকুলৰ শৰীৰ বাবে অতি ক্ষতিকাৰক মেংগানিজ৷ ৷নগাঁও কলেজৰ পৰীক্ষাগাৰত কৰা হৈছিল এই পৰীক্ষা৷ দুয়োখন নদীৰে পানী সেৱন কৰাটো জীৱৰ যথেষ্ট বিপদজ্জনক বুলি ঘোষণা কৰে বিশেষজ্ঞ দলটোৱে৷ ইফালে, এই খবৰ বিয়পি পৰাত সম্প্ৰতি নগাঁৱৰ নৈপৰীয়া ৰাইজৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দুয়ো খন নদীৰ পানী স্থানীয় ৰাইজে অতীজৰে পৰা গা-ধুৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে৷