খেৰণিঃ ৰাজ্যত চোৰাং কয়লাৰ ব্যৱসায় চলি থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন বিভাগে অভিযান চলাই চাৰিখনকৈ কয়লাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ খেৰণি বন বিভাগে এক বিশেষ সূত্ৰৰ পম খেদি অবৈধ কয়লা সৰবৰাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই জালত পেলাই ট্ৰাক কেই খন।
মঙলবাৰে নিশা খেৰণি-জেৰিকিণ্ডিং পথত তহল দি থকা বন বিভাগৰ এটা দলে খেৰণি অভিমুখে আহি থকা চাৰি খনকৈ কয়লাভৰ্তি ট্ৰাক প্ৰত্যক্ষ কৰে। ট্ৰাক কেইখন ৰখাই কৰ্মচাৰীক সোধ-পোছ কৰি বন বিভাগৰ লোকৰ সন্দেহ ওপজাত ট্ৰাক কেইখন জব্দ কৰে।