দেৰগাঁওঃ তেও সৰুৰে পৰা ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছিল৷ পিতৃয়ে কপালৰ ঘাম মাটিত পেলাই দিন হাজিৰা কৰি থকা সৰুৰে পৰা তেওঁ দেখি আহিছে৷ যাৰ বাবে তেওঁ এদিৰ ডাঙৰ মানুহ হ’ব পাৰে৷ পিতৃ-মাতৃৰ সুখত ৰাখিব বিছাৰে৷ পিতৃ-মাতৃয়েও পঢ়া-শুনাই তেওক ডাঙৰ মানুহ কৰাৰ সপোনো দেখিছিল৷ পুত্ৰক পঢ়াবৰ বাবে এসাজ কমকৈ খালেও আপত্তি কৰা নাছিল পিতৃ-মাতৃয়ে৷ সকলোৰে আদৰৰো তেওঁ৷ পৰিয়ালৰ ওচৰ চুবুৰীয়াৰ সকলোৰে আদৰৰ তেওঁ৷
সকলোৰে সৈতে হাঁহি ধেমালি কৰি সময় অতিবাহিত কৰি ভাল পায়৷ সমনীয়া, বিদ্যালয়ৰ শিক্ষকসকলৰো বাবে আপোন তেও৷ কিয়নো তেও সৰুৰে পৰা বহু কথা বুজি পাই৷ দৰিদ্ৰ পৰিয়ালৰ সন্তান যদিও পিতৃ-মাতৃৰ সপোনক সফল কৰিব খোজে৷ কিছুদিন আগলৈ তেওঁ সমনীয়াৰ সৈতে খেলা-ধূলা কৰি সময় পাৰ কৰিছিল৷ কিন্তু তেও এতিয়া বিছনাত পৰি সময় অতিবাহিত কৰিছে৷